Assamese Quotes For Instagram ✂️ Copy This Ideas! ✨

Assamese Quotes For Instagram ✂️ Copy This Ideas! ✨

If You Are Searching For Assamese Quotes For Instagram Then You Should Follow This Post Till The End Because Here You Will Found Many Assamese Quotes For Instagram . You Can Choose The Best Assamese Quotes For Instagram From Here And Copy And Paste ✂ ✓ It Into Your Instagram post.

Assamese Quotes For Instagram


😍➤ Best Assamese Quotes For Instagram

মোৰ অসম্পূৰ্ণ আকাংক্ষা হৈ নৰবা তুমি...
এই দুনীয়াত পুনৰ্জন্ম লোৱাৰ মোৰ কোনো আশা নাই।

মোৰ চহৰত সাংঘাতিক নীৰৱতা...
কৰবাত হেনো তেওঁৰ পায়েলযোৰ হেৰাই থাকিল।

জীৱনত যিমানে ধুমুহা নাহক কিয়
মই কেতিয়াও আঁতৰি নাযাওঁ তোমাৰ পৰা,
কিন্তু যিদিনা উপলব্ধি কৰিম তোমাৰ দুখৰ
কাৰণ মই সিদিনা নিজেই আঁতৰি যাম তোমাৰ পৰা বহুত দূৰলৈ।

 সঁচা কথা মনে মনে সহ্য
কৰি থাকিলে আপুনি ভাল,
কিন্তু সন্মুখত চিধা চিধি কৈ দিলে
আপোনাৰ সমান বেয়া কোনো নাই।

মই স্বার্থপৰ বা অহংকাৰী নহয়,
মাথোঁ সেইবোৰ মানুহৰ
পৰা আঁতৰি থাকোঁ যাৰ ওচৰত
মোৰ কোনো মূল্য নাই।

তুমি পাহৰি গলেও মই স্মৃতি হৈ তোমাক আমনি কৰিম...
তুমি পানী পি পি ভাগৰি যাবা, মই হিকটি হৈ আমনি কৰিম।

বাধা, ঘাত, প্ৰতিঘাত জীৱিত মানুহৰ জীৱনযাত্ৰাৰ অংশীদাৰ। মৰাশৰ যাত্ৰাততো মানুহে ৰাস্তা এনেয়ে এৰি দিয়ে

দৰ্জা চাপৰ হৈয়ে থাকক মোৰ কোঠাৰ...
যি নিজৰ বুলি ভাবিব, তেওঁ হালি ঘৰ সোমাব।

চিতাৰ বগা কাপোৰখন গুচাই জাপ খাই থকা চকুযুৰি ভালদৰে চাই লবা...
পুনৰ সেই দুচকু কাহানিও দেখা নাপাবা, যাক জীৱনজুৰি কন্দুৱালা।

তুমি ভগৱানৰ ওচৰত সুখৰ সন্ধান কৰা...
মই সুখৰ বাবে তোমাৰ সন্ধান কৰো

যদিহে তোমাৰ চকুযুৰি প্ৰেমৰ সাগৰ হলহেতেন,
আজীৱন নাও বাই মৃত্যুৰ আলহী হলোহেতেন।

কাৰোবাক টুকুৰিয়াই চাবলৈ হলে এবাৰ কৈ চাওক "মই অলপ বিপদত পৰিছো"। জবাব পাই যাব।

প্ৰয়োজনতকৈ বেছি ভাল দেখুৱাবলৈ গলে, মন্দিৰৰ ঘণ্টাটোৰ দৰে হব। সকলোৱে বজাই থৈ উভতি যাব।

তেওঁ যাওঁতে কৈ গ'ল- "মই মাত্ৰ সপোনতহে দেখা দিম।"
মই কলো-"promiseতো কৰা, মই জীৱনৰ বাবে চকু মুদি দিম।

সুখ চন্দনৰ দৰে। কাৰোবাৰ কপালত লগালে নিজৰ আঙুলিও সুগন্ধিত হয়।

যিয়ে সমস্যা নোহোৱাকৈ জয়লাভ কৰে, সেয়া "বিজয়" আৰু যিয়ে হাজাৰ সমস্যাৰ মাজেৰে জয়লাভ কৰে, সেয়া "বুৰঞ্জী"

তেওঁ সুধিছিল "প্ৰেমৰ বাট কোনফালে?"
মই চাৰ্টৰ বুটাম খুলি বুকুৰ বাওঁফাল দেখুৱালো।

ৰমজান চলিছে, মছজিদৰ কাষেদি নাযাবা তুমি...
কোনোবাই ঈদৰ চান্দ বুলি ৰোজা ভংগ কৰিব পাৰে।

শৰীৰৰ সৌন্দৰ্য লৈ কেতিয়াও
গৌৰৱ নকৰিবা, কাৰণ  শৰীৰটো তোমাৰ সৃষ্টি নহয়।
বংশকলৈ কেতিয়াও গৌৰৱ নকৰিবা,
কাৰণ বংশ নির্বাচন কৰি তুমি জন্ম গ্রহণ কৰা নাই,
গৌৰৱ কৰা তোমাৰ উন্নতি আৰু চৰিত্র লৈ,
যিটো তুমি নিজেই গঢ়িছা।

যিয়ে নিজৰ বেয়া সময় দেখিছে
তেওঁ কেতিয়াও আনৰ
বেয়া হোৱাটো নিবিচাৰে।

কোনো পুৰুষে যদি
কোনো নাৰীক সন্মান দিয়ে
তেন্তে বুজিবা যে সেই পুৰুষ কোনো
সন্মানীয় নাৰীৰ পুত্র।
কিয় জানেনে এজনী সভ্য মাকেহে
তেওঁৰ পুত্রক সভ্যতাৰ শিক্ষা দিয়ে।

বৰশীত উঠি অহা মাছটোক সোধক; ভয়, নিসংগতা আৰু যণ্ত্ৰনা কাক কয় আৰু বৰশী বোৱাজনক সোধক; ভাগ্য আৰু পৰিতৃপ্তি কি বস্তু?

তুমি জাকৈয়া গাভৰুৰ মোক খা মোক খা খিলখিল হাঁহি...
মই ঢিমিক ঢামাক নিৰ্জনতাৰ বাঁহী।

কোনে কয় মই মিছা কথা নক‌ও...
এবাৰ কেনে আছো সোধা, উত্তৰ পাবা।

মোৰ কান্ধত তোমাৰ দুটোপাল চকুলো পৰিল কি নপৰিল
মোৰ সস্তীয়া গেঞ্জীটো আজি ধনী হৈ গ'ল।

যিয়ে সঘনাই কাপোৰ সলনি কৰাৰ হেপাঁহ ৰাখে, তেওঁ শেষ মুহূৰ্তত কবৰো সুযোগ নাপায় যে "কফনটো ঠিক নহল" হায় ৰে দুনীয়া।

মই শব্দৰ দৰে সীমিত
তুমি অৰ্থৰ দৰে বিস্তাৰিত

সপোন বোৰ নিজক লৈ দেখা উচিত
আনক লৈ নহয়, কিয়নো এই পৃথিৱীৰ সম্পর্কৰ
কোনো ভৰষা নাই।

জীৱনলৈ মানুহ আহিব আৰু যাব
কিন্তু এটা কথা মনত ৰাখিব আপোনাৰ বাবে
যোগ্য আৰু শ্ৰেষ্ঠজন থাকি যাব

জীৱনত যিমানে আঘাত পাবা
সিমানে আপোন মানুহবোৰক চিনিব শিকিবা,
কোন আচলতে কেনেকুৱা
কোন তোমাৰ কিমান আপোন।

😍➤ Final Word 

Let us know in the comments if you already knew about them or if any was a surprise for you 👍 . 

Related Posts

Post a Comment